পৰাধীনতাৰ শিকলিৰ পৰা নিজ দেশৰ মুক্তিৰ বাবে যিসকল বীৰ যোদ্ধাই প্ৰাণ আহুতি দিছিল সেইসকলৰ ভিতৰত অন্যতম আছিল আজাদ হিন্দ ফৌজৰ প্ৰথম শ্বহীদ মেজৰ দূৰ্গা মল্ল। সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত আজাদ হিন্দ ফৌজৰ স্বাধীনতা আন্দোলনত মেজৰ দূৰ্গা মল্ল আছিল অগ্ৰীম শাৰীৰ যোদ্ধা।
১৯০৩ চনৰ ১ জুলাইত বৰ্তমান উত্তৰাঞ্চলৰ দেহৰাদুণ জিলাৰ ডইৱালা গাঁৱত জন্মগ্ৰহণ কৰা মেজৰ দূৰ্গা মল্লক ১৯৪৪ চনৰ ২৫ আগষ্টত দেশদ্ৰোহী সজাই বৃটিছে হত্যা কৰিছিল। মেজৰ দূৰ্গা মল্ল আছিল পিতৃ গংগাৰাম মল্ল আৰু পাৰ্বতী দেৱীৰ জ্যেষ্ঠ পুত্ৰ। তেওঁৰ দেউতাক গংগাৰাম মল্ল আছিল গোৰ্খা ৰাইফলছৰ নায়ক চুবদাৰ। সৰুৰে পৰাই খেলা-ধূলা, সাহিত্য-সংস্কৃতিৰ দিশত বিশেষ ৰুচি থকা মল্লক ১৯৩০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত চলা দাণ্ডী পদযাত্ৰাই ধ্যান আকৰ্ষণ কৰিছিল। দাণ্ডী পদযাত্ৰাৰ সময়ত ৰাজহুৱা সভাত মল্লই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল , যাৰ বাবে বৃটিছে তেখেতৰ পৰিয়ালৰ ওপৰত কুপ দৃষ্টি ৰাখিছিল। তেতিয়া তেখেত আছিল নৱম শ্ৰেণীৰ ছাত্ৰ। ১৯৩১ চনত ১৮ বছৰ বয়সত তেখেতে ধৰ্মশালালৈ আহি ২/১ গোৰ্খা ৰাইফলছত ভৰ্তি হৈছিল যদিও তেখেতৰ দেশভক্তি আৰু দেশৰ প্ৰতি থকা নিস্বাৰ্থ প্ৰেমে, শোষিত, নিষ্পেষিত জনতাক পৰাধীনতাৰ শিকলিৰ পৰা মুক্তি কৰিবলৈ সুভাষচন্দ্ৰ বসুৰ কাষ চপাই আনিছিল।
১৯৪২ চনত সুভাষচন্দ্ৰ বসুৰ নেতৃত্বত গঠন হোৱা আজাদ হিন্দ ফৌজত প্ৰতিষ্ঠাকালৰে পৰা সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা মল্লই অতি কম সময়ৰ ভিতৰতে নিজৰ কৰ্ম দক্ষতা আৰু দেশ ভক্তিৰ বাবে মেজৰ ৰূপে পদোন্নতি লাভ কৰিছিল। পাছত ,
তেখেতে আজাদ হিন্দ ফৌজৰ চোৰাংচোৱা বিভাগত কাম কৰিছিল। স্বাধীনতা সেনানী ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ স্বৰ প্ৰণেতা কেপ্টেইন ৰামসিং ঠকুৰী,গান্ধীবাদী ঠাকুৰ চন্দনসিং , বীৰ খড়্গ বাহাদুৰ বিষ্ট , পণ্ডিত ঈশ্বৰানন্দ গোৰ্খা, অমৰসিং থাপা আদি অগ্ৰণী গান্ধীবাদী সকলৰ প্ৰভাৱ কোমল হৃদয়ৰ দূৰ্গা মল্লৰ ওপৰত পৰিছিল। ১৯৪৪ চনৰ ২৭ মাৰ্চৰ দিনা শত্ৰুপক্ষৰ অৱস্থানৰ বিষয়ে বিভিন্ন তথ্য সংগ্ৰহ কৰি থকাৰ সময়ত কহিমাৰ নিকটৱৰ্তী উখ্ৰুল নামৰ ঠাইত বৃটিছে গ্ৰেপ্তাৰ কৰে। যুদ্ধবন্দী হিচাপে তেখেতক লালকিল্লাত ৰখা হয় আৰু বৃটিছ আদালতে বিভিন্ন গোচৰৰ অভিযোগত তেখেতক দোষী সাব্যস্ত কৰি ফাঁচীৰ ৰায়দান দিছিল। তেখেতক দোষ মুক্ত কৰিবলৈ কৰা বহুতো চেষ্টা বিফল হৈছিল। তেখেতৰ মন বিচলিত কৰিবলৈ সেইসময়ত ঘৈণীয়েকক দিল্লীৰ কাৰাগাৰলৈ অনা হৈছিল যদিও স্বাধীনতাৰ পূজাৰী, নিস্বাৰ্থী, স্বাভিমানী মেজৰ দূৰ্গা মল্লই ঘৈণীয়েকক কৈছিল, ''মই দিয়া প্ৰাণ আহুতি অথলে নাযাব। ভাৰত স্বাধীন হব। তুমি ইয়াত অকণো বেজাৰ নকৰিবা শাৰদা! মই নাথাকিলেও কোটি কোটি ভাৰতীয় লোক তোমাৰ লগত আছে।''
উল্লেখযোগ্য যে, ১৯৪১ চনত শাৰদা মল্লৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা দূৰ্গা মল্লই বিয়াৰ তিনিদিনৰ পাছত সাংগঠনিক কামৰ বাবে ঘৰ এৰি গৈছিল। তাৰ পাছত তেখেতৰ আৰু পত্নীৰ দেখা-দেখি হৈছিল দিল্লীৰ জিলা কাৰাগাৰত।
১৯৪৪ চনৰ ১৫ আগষ্টৰ দিনা দূৰ্গা মল্লক লালকিল্লাৰ কাৰাগাৰৰ পৰা দিল্লীৰ জিলা কাৰাগাৰলৈ অনা হৈছিল আৰু তাৰ ঠিক দহদিন পিছত অৰ্থাৎ ১৯৪৪ চনৰ ২৫ আগষ্ট তাৰিখে ফাঁচী-কাঠত ওলোমাই বৃটিছে হত্যা কৰিছিল। আজাদ হিন্দ ফৌজৰ বীৰযোদ্ধা, স্বতন্ত্ৰতা সেনানী মেজৰ দূৰ্গা মল্লই ৩১ বছৰ বয়সত অমূল্য জীৱন ত্যাগ কৰি আজাদ হিন্দ ফৌজৰ প্ৰথম শ্বহীদৰূপে গণ্য হৈছিল। এনে উদাহৰণ বৰ বিৰল।
তেখেতৰ স্মৃতিত সংসদ ভৱনৰ পৰিসৰত নিৰ্মাণ কৰা প্ৰতিমূৰ্তি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ২০০৪ চনত অনাৱৰণ কৰে। শ্বহীদ মেজৰ দূৰ্গা মল্লৰ ত্যাগ আৰু বীৰত্বক সন্মান জনাই দেশভক্ত গোৰ্খাসকলে গোটেই ভাৰতব্যাপী ২৫ আগষ্টৰ দিনটো বলিদান দিৱস হিচাপে পালন কৰি আহিছে।
সংগ্ৰহ: তিলক কৌশিক ঢুংগানা।
Post a Comment