তিনিচুকীয়া, ২৬ আগষ্ট: দীৰ্ঘদিন ধৰি বিভিন্ন বিতৰ্কৰ মাজতে চলি থকা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিৰ শুক্ৰবাৰে দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশন তথা প্ৰতিনিধি সভা অনুষ্ঠিত হয়।
জানিব পৰা মতে, তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত অনুষ্ঠিত হোৱা তিনিচুকীয়া জিলা সমিতি গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাই সভাপতি ৰূপে অশোক লামা আৰু সাধাৰণ সম্পাদক ৰূপে শেখৰ গুৰুঙক নিৰ্বাচিত কৰে।
ইফালে প্ৰতিনিধি সভাত কেন্দ্ৰীয় সমিতিৰ পৰা পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে উপ-সভাপতি জয়ৰাজ ছেত্ৰী, সাংগঠনিক সম্পাদকদ্বয় মণি লিম্বু আৰু বিৰাজ লিম্বু, সহ: সম্পাদক অজয় কুমাৰ আলে, কাৰ্যালয় সম্পাদক বিকাশ শৰ্মা আৰু কাৰ্যনিৰ্বাহক সদস্য কুল বাহাদুৰ তামাং।
Post a Comment