Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

বসুন্ধৰা ২.০ ত গোৰ্খা জনগোষ্ঠীৰ আবেদন নাকচ হোৱাত উদ্বেগ প্ৰকাশ গোৰ্খা ছাত্ৰ সন্থাৰ।

Nelive24: যোৱাকালি ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা দুলীয়াজানস্থিত মটৰ ৱকাৰ্চ ইউনিয়নৰ সভাগৃহত  অনুষ্ঠিত হৈ যায়। জিলা সমিতিৰ সভাপতি দীপক নেৱাৰে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সাধাৰণ সম্পাদক ৰত্ন থাপাই। সভাত আগ্‌ছু কেন্দ্ৰীয় সমিতিৰ সহ: সম্পাদক অজয় কুমাৰ আলে, জিলা সমিতিৰ উপ-সভাপতিদ্বয় প্ৰদীপ ভূজেল, পুস্কৰ শৰ্মা, সহকাৰী সম্পাদকত্ৰয় ৰোহিত ভূজেল , কুল বাহাদুৰ নেৱাৰ, দামোদৰ শৰ্মা, সাংগঠনিক সম্পাদকদ্বয় চক্ৰ কৈৰালা,সূৰজ ছেত্ৰী, প্ৰচাৰ সম্পাদক বিকি বিশ্বকৰ্মা, কাৰ্যনিৰ্বাহক সদস্য মনোজ শৰ্মা,ভৰত নেৱাৰ,ৰিকি থাপা আৰু ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত নাহৰকটীয়া, নামৰূপ, টিংৰাই চাৰিআলি,টেঙাখাত, মৰাণ,খোৱাং, ডিব্ৰুগড় নগৰ সমিতি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটৰ সভাপতি, সম্পাদক প্ৰমুখ্যে শতাধিক বিষয়ববীয়া উপস্থিত থাকে।

    সভাত বিভিন্ন সাংগঠনিক দিশত আলোচনা কৰাৰ লগতে বিশেষকৈ চৰকাৰে প্ৰস্তুত কৰা BASUNDHARA 2.0 (বসুন্ধৰা ২.০) আঁচনিত ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বিভিন্ন এলেকাত গোৰ্খা জনগোষ্ঠীৰ লোক সকলৰ আবেদন নাকচ হোৱা বিষয়ত সভাই উদ্বেগ প্ৰকাশ কৰি এই সন্দৰ্ভত বিস্তৃত আলোচনা কৰি অতি সোনকালেই প্ৰয়োজনত গণতান্ত্ৰিক আন্দোলনৰ পন্থা অৱলম্বন কৰাৰ বিষয়ত সভাই সহমত প্ৰদান কৰে। অন্যহাতেদি বছৰ বছৰ ধৰি ৰাজনৈতিক দল সমূহে সহজ সৰল গোৰ্খা জনগোষ্ঠীৰ লোকসকলক নিৰ্বাচনৰ সময়ত নানা প্ৰতিশ্ৰুতি প্ৰদান কৰি নিজৰ গাদী সুৰক্ষিত কৰাৰ অন্তত এই জনগোষ্ঠীটোক পৰৱৰ্তী সময়ত কেৱল মাত্ৰ প্ৰতাৰণা কৰি অহা দেখা যায়। গতিকে অনাগত ভৱিষ্যতৰ দিনত কোনো ৰাজনৈতিক দলে যাতে সহজ সৰল গোৰ্খা জনগোষ্ঠীৰ লোক সকলক এনেধৰণে প্ৰতাৰণা কৰিব নোৱাৰে তাৰবাবে ডিব্ৰুগড় জিলাত গোৰ্খা জনগোষ্ঠীৰ জনগণনাৰ ব্যৱস্থা কৰি আগন্তুক লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰে। লগতে আগন্তুক ২৪,২৫,২৬ আৰু ২৭ ডিচেম্বৰত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হবলগীয়া আগ্‌ছুৰ সপ্তদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় মহাঅধিৱেশন তথা দ্বিতীয় উত্তৰ পূৰ্বাঞ্চল গোৰ্খা মহোৎসৱ অনুষ্ঠানটাত সৰ্বত্তোপ্ৰকাৰে সহযোগিতা আগবঢ়াবলৈ জিলা সমিতিৰ লগতে আঞ্চলিক সমিতিক আহ্বান জনায়।

    এই সভাতেই অলপতে ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি সভাপতি হিচাপে নিৰ্বাচিত হোৱা ভৰত থতালক আগ্‌ছুৰ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় বুলি এক বিবৃতি দ্বাৰা জিলা ছাত্ৰ সন্থায়ে জানিবলৈ দিয়ে।


 

Post a Comment

Previous Post Next Post