বিশ্বনাথ, ১৫ আগষ্ট: আজি সমগ্ৰ দেশবাসীয়ে পালন কৰিলে ৭৬ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে অসমতো চৰকাৰ তথা বিভিন্ন দল সংগঠনে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰাৰ সময়তে বিশ্বনাথ জিলাৰ বিহালীত গোৰ্খা ছাত্ৰ সন্থাই কৰে এক প্ৰশংসনীয় কাৰ্য।
বিশ্বনাথত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰক্তদান শিবিৰ আয়োজন কৰে গোৰ্খা ছাত্ৰ সন্থাই। জানিবলৈ দিয়া মতে, বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ তত্বাবধান তথা বিহালী আঞ্চলিক সমিতি গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্বনাথ জিলাৰ কেটেলা মিছন হস্পিতালত সম্পন্ন হয় ৰক্তদান শিবিৰ। এনেদৰে ৰক্তদান কাৰ্যসূচী গ্ৰহণ কৰি কেটলা হস্পিতালৰ ৰক্ত ভাণ্ডাৰত ৩৩ ইউনিট ৰক্তদান কৰে গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তাসকলে।
ইফালে, ৰক্তদান শিবিৰত বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ লগতে বিশ্বনাথ আৰু বাঘমৰা আঞ্চলিক সমিতিৰ বিষয়ববীয়সকলো উপস্থিত থাকি ৰক্তদান কৰে।
উক্ত কাৰ্যসূচীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উপ-সভাপতি দিলীপ গজুৰেল, অসম গোৰ্খা সন্মিলনৰ উপ-সভাপতি বিনোদ খনাল আৰু কেটেলা মিছনৰ চিকিৎসকসকল উপস্থিত থাকে।
Post a Comment