Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

অহা ৮ জুনত বিটিআৰৰ কোকলাবাৰীত উপ-নিৰ্বাচন; প্ৰতিটো ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ

বাক্সা, ৩ জুন: বিটিআৰত পুনৰ বলিছে নিৰ্বাচনী বতাহ। অহা ৮ জুন তাৰিখে অনুষ্ঠিতব্য বিটিআৰৰ ২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি গৰম হৈ পৰিছে বিটিআৰৰ ৰাজনীতি। 

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ দখলত থকা কোকলাবাৰী সমষ্টি পুনৰ নিজৰ দখললৈ আনিবলৈ উঠিপৰি লাগিছে শাসনাধিষ্ট বিজেপি-ইউপিপিএল-জিএছপি মিত্ৰজোঁট চৰকাৰ। কোকলাবাৰীত মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী মন্টু বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীৰ লগতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য আৰু পাৰ্ষদসকল। 

আনহাতে, নিৰ্বাচনী প্ৰচাৰত পিছ পৰি থকা নাই বিটিআৰৰ প্ৰধান বিৰোধী দল বিপিএফ। বিপিএফেও ইউপিপিএলৰ দখলত থকা সমষ্টিটো উদ্ধাৰ কৰি নিজৰ দখললৈ আনিবলৈ দলীয় প্ৰাৰ্থী শংকৰ বসুমতাৰীৰ হৈ অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান। প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে আন কেইবাগৰাকীও দলীয় শীৰ্ষ নেতাই কোকলাবাৰী পৰিষদীয় সমষ্টিত চলাইছে নিৰ্বাচনী প্ৰচাৰ।

Post a Comment

Previous Post Next Post