Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

তামুলপুৰৰ লাওপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিলে প্ৰজ্ঞা পৰাজুলিক

তামুলপুৰ,২৮ এপ্ৰিল: নৱগঠিত তামুলপুৰ জিলাৰ তামুলপুৰ-ওদালগুৰি পথৰ লাওপাৰত আজি দুপৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, নাগ্ৰীজুলিৰ দিশৰ পৰা আহি থকা AS 14 C-5521 নম্বৰৰ তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিয়ে প্ৰজ্ঞা পৰাজুৰি (৯) নামৰ এজনী কণমানীক। হঠাৎ পথ পাৰ হ'বলৈ লওঁতেই মহটিয়াই নিয়ে ডাম্পাৰ খনে।

ইফালে, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কণমানি গৰাকীৰ পিতৃ-মাতৃ।

উত্তৰ গুৱাহাটী (গ্ৰীন্টা) ৰ পৰা তামুলপুৰৰ মতিগাঁওত বিয়া খাবলৈ আহিছিল মৃত কনমাণিসহ পৰিয়ালটো।

দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰখনে পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে খেদি খেদি ডাম্পাৰখন ৰখাবলৈ সক্ষম হয় যদিও ডাম্পাৰ চালকজনে পলায়ন কৰে।

ইফালে, দুৰ্ঘটনাৰ পিছতে উত্তেজিত স্থানীয় ৰাইজে ৰাজপথতে ৰখাই থ'লে বহু কেইখন ডাম্পাৰ। ৰাইজে আৱদ্ধ কৰা ডাম্পাৰৰ যাৱতীয় নথি পত্ৰ নথকাত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ তথা দল সংগঠন।

ঘটনাস্থলীত তামুলপুৰ আৰু নাগ্ৰীজুলি আৰক্ষীয়ে আহি পৰিবেশ নিয়ন্ত্ৰণ কৰে যদিও দুৰ্ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ ৰাইজ তথা দল সংগঠন আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় তীব্ৰ বাকবিতণ্ডা।

ইফালে, মৃত পৰিয়ালৰ লোকক শীঘ্ৰেই ক্ষতিপূৰণ দিয়াৰ দাবী জনাই বাক্সা জিলা গোর্খা ছাত্ৰ সন্থাই। অন্যথা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে।

Post a Comment

Previous Post Next Post