Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

বাক্সাৰ গোৰেশ্বৰ মহাবিদ্যালত গোৰ্খা নৱাগত আদৰণি সভা ও শৈক্ষিক কৰ্মশালা অনুষ্ঠিত

বাক্সা, ২২ নবেম্বৰ: বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তবৰ্তী অঞ্চলৰ এক অগ্ৰণী শিক্ষানুষ্ঠান গোৰেশ্বৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি গোৰ্খা নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, পূৱ ডেফেলী আঞ্চলিক সমিতিৰ অন্তৰ্গত গোৰেশ্বৰ মহাবিদ্যালয় শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি শৈক্ষিক কৰ্মশালাৰো আয়োজন কৰা হয়। গোৰ্খা ছাত্ৰ সন্থা, গোৰেশ্বৰ মহাবিদ্যালয় শাখা সমিতিৰ সভাপতি নেত্ৰ ছেত্ৰীয়ে আঁত ধৰা সভাখন গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ উমেশ বড়োৱে বন্তি প্ৰজ্বলন কৰি মঞ্চ উদ্ঘাটন কৰাৰ পাছতে আৰম্ভ হয়।

নৱাগত আদৰণি সভাত মহাবিদ্যালয়খনৰ নৱাগত গোৰ্খা ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ইফালে, অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গোৰ্খা, অসমীয়াকে ধৰি বিভিন্ন গীত-নৃত্য পৰিবেশন কৰে।

উক্ত অনুষ্ঠানত মুখ্য অতিথি তথা নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ওদালগুৰি নিবাসী শিক্ষক লক্ষ্মণ উপাধ্যায়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহুমূলীয়া ভাষণ দিয়ে। আনহাতে, অনুষ্ঠানৰ আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত হৈ গোৰ্খা ছাত্ৰ সন্থা, বিটিচি ক্ষেত্ৰীয় সমিতিৰ শিক্ষা সম্পাদক তথা যুৱ লেখক প্ৰকাশ কৈৰালাই গোৰ্খা ছাত্ৰ সন্থা, বিটিচি ক্ষেত্ৰীয় সমিতিয়ে শৈক্ষিক ক্ষেত্ৰত অহা ২০২২ বৰ্ষত গোৰ্খা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্যপন্থাৰ বিষয়ে অৱগত কৰে।

উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বাক্সা জিলা সমিতিৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰী, প্ৰাক্তন সভাপতি পূৰ্ণ ছেত্ৰী, পূৱ ডেফেলী আঞ্চলিক সমিতিৰ সভাপতি প্ৰকাশ লামা, সাধাৰণ সম্পাদক তথা সাংবাদিক বিপ্লৱ চিমৰীয়া, অসম গোৰ্খা সন্মিলন, বাক্সা জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা সাংবাদিক কৃষ্ণ সংগ্ৰৌলা আৰু যুৱ সাংবাদিক পুকাৰ খনাল।

ইফালে অনুষ্ঠানত গোৰেশ্বৰ মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক, গোৰেশ্বৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ বিষয়ববীয়া, মহাবিদ্যালয়খনৰ বহুকেইগৰাকী ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ লগতে গোৰ্খা ছাত্ৰ সন্থা ৰঙিয়া মহাবিদ্যালয় শাখা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক উপস্থিত থাকে।

Post a Comment

Previous Post Next Post