Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন, চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

নিউজ ডেক্স, ৩০ অক্টোবৰ: বহু প্ৰতীক্ষাৰ অন্ত পেলাই আজি ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত চলি আছে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱা ৭ বজাৰে পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকা ৰাজ্যৰ ৫ বিধানসভা সমষ্টি হৈছে ক্ৰমে- থাওৰা, মৰিয়নি, তামুলপুৰ, ভৱানীপুৰ আৰু গোসাইগাঁও। এই ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থাকিব বিয়লি ৫ বজালৈ৷

ৰাজ্যৰ ৫ সমষ্টিৰ মুঠ ভোটকেন্দ্ৰ হ'ল ১,১৭৬ টা৷ ২৮ নম্বৰ গোসাইগাঁও সমষ্টিত মুঠ ২৮৫ টা, ৪১ নং ভৱানীপুৰ সমষ্টিত মুঠ ২১৩ টা, ৫৮ নং তামুলপুৰ সমষ্টিত মুঠ ৩২২ টা, ১০১ নং মৰিয়নি সমষ্টিত ১৮৩ টা আৰু ১০৭ নং থাওৰা সমষ্টিত আছে মুঠ ১৭৩ টা ভোটকেন্দ্ৰ৷

বহু প্ৰতীক্ষিত উপ-নিৰ্বাচনত ৭ লাখ ৯৬ হাজাৰ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৫ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা মুঠ ৩১ গৰাকী প্ৰাৰ্থীৰ।

Post a Comment

Previous Post Next Post