Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

বাক্সাৰ উপৰখুঁটিত চাৰি গোৰ্খা সংগঠনৰ যৌথ চিন্তন সভা; সভাত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হয়?

বাক্সা,০৩ অক্টোবৰ: দেওবাৰে বাক্সা জিলাৰ ভোলাঝাৰ উপৰখুঁটিত অসম গোৰ্খা সন্মিলন, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ভাৰতীয় গোৰ্খা পৰিসংঘ আৰু অসম নেপালী সাহিত্য সভা, বিটিচি ক্ষেত্ৰীয় সমিতিৰ যৌথ উদ্যোগত এক গুৰুত্বপূৰ্ণ যৌথ চিন্তন সভা অনুষ্ঠিত হৈ যায়। অসম গোৰ্খা সন্মিলনৰ বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি দীলু শৰ্মাৰ সভাপতিত্বত তথা সাধাৰণ সম্পাদক পীতাম্বৰ পাঠকে উদ্যেশ্য ব্যাখ্যা কৰা সভাত বিটিআৰৰ চাৰিওখন জিলাত বসবাস কৰি অহা গোৰ্খা জনগোষ্ঠীয় লোকসকলৰ ৰাজনৈতিক, সামাজিক, শৈক্ষিক, সাংস্কৃতিক তথা বনগাঁও, পি.জি.আৰ, ভি.জি.আৰৰ বিভিন্ন সমস্যা ওপৰত গুৰুত্বপূৰ্ণ আলোচনা তথা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

বিগত সময়ছোৱাত সংগঠনৰ হকে দেহে-কেহে খাটি অহা কেইবাগৰাকীও ব্যক্তিৰ সোঁৱৰণত প্ৰথমে শোক প্ৰস্তাৱ কৰাৰ পিছতে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা গোৰ্খা সন্মিলনৰ উপদেষ্টা পদুম বাহাদুৰ চৌহানে নিজ ভাষণত বিটিআৰৰ গোৰ্খা অধ্যুষিত অঞ্চলক সামৰি সমষ্টি পুণঃনিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাই অসমৰ মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ গোৰ্খা জনগোষ্ঠীৰ প্ৰতি থকা উদাৰ মনোভাৱৰ বাবেহে আজি জনগোষ্ঠীটোৱে স্বাভিমানেৰে মূৰ দাঙি জীয়াই থাকিব পাৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই সকলো গোৰ্খা দল-সংগঠনক একত্ৰিতভাৱে কাম কৰি যাৱলৈ আহ্বান জনায়। আনহাতে অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লক্ষ্মী চেড়াইয়ে নিজ ভাষণত বিগত সময়ছোৱাত জনগোষ্ঠীটোৰ হকে কৰি অহা কাম -কাজ তথা আগন্তুক দিনত গ্ৰহণ কৰিব লগীয়া কাৰ্যপন্থাৰ বিষয়ে বিষদভাৱে আলোচনা দাঙি ধৰে। ইফালে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বিটিচি ক্ষেত্ৰীয় সমিতিৰ সভাপতি জন কুমাৰ চৌহানে একাংশ গোৰ্খা দল-সংগঠনত থকা একাংশ ক্ষমতালোভী ব্যক্তিৰ বাবে আজি গোৰ্খা জনগোষ্ঠী পিছপৰি ৰোৱা বুলি উল্লেখ কৰি তেনে নিকৃষ্ট মানসিকতাৰ ব্যক্তি তথা সংগঠনক চিনাক্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গোৰ্খা জনসাধাৰণক আহ্বান জনায়। আনহাতে গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বাসুদেৱ উপাধ্যায়, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাজু বজগাঁই, ভাৰতীয় গোৰ্খা পৰিসংঘৰ ক্ষেত্ৰীয় সাধাৰণ সম্পাদক মুকুন্দ শৰ্মা, অসম নেপালী সাহিত্য সভাৰ উপ-সভাপতি গায়ত্ৰী ভট্টৰাই, গোৰ্খা সন্মিলনৰ উপ-সভানেত্ৰী কল্পনা শৰ্মা আদি বক্তায়ো নিজ ভাষণত আগন্তুক দিনত গোৰ্খা জনগোষ্ঠীক ৰাজনৈতিক সুবিধা প্ৰদান কৰিবলৈ দাবী জনায়।

সভাৰ সৈতে সংগতি ৰাখি বিটিআৰবাসী গোৰ্খা জনগোষ্ঠীৰ ৰাজনৈতিক, শৈক্ষিক, সাংস্কৃতিক, অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ হকে দীলু শৰ্মাক অধ্যক্ষ, জন কুমাৰ চৌহানক মুখ্য সমন্বয়ক, কৃষ্ণ থাপা, ধন ৰাজন লাল, মুকুন্দ শৰ্মাক সমন্বয়ক, পীতাম্বৰ পাঠক, চন্দ্ৰ ঘিমিৰে, হেমন্ত শৰ্মাক সম্পাদক, লক্ষ্মী চেড়াই, বাসুদেৱ উপাধ্যায়, পদুম বাহাদুৰ চৌহান, ৰাজু বজগাঁইক উপদেষ্টা হিচাপে লৈ বিটিআৰ ভিত্তিক এখন শক্তিশালী সমন্বয়ক সমিতি গঠন কৰা হয়। 

আনহাতে বিটিআৰৰ গোৰ্খা লেখকসকলক উৎসাহিত কৰিবলৈ বিটিআৰত গোৰ্খা প্ৰকাশন পৰিষদ, জনগোষ্ঠীটোৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ হকে সমষ্টি পুণঃনিৰ্ধাৰণৰ আধাৰত সংৰক্ষিত সমষ্টি, পি.জি.আৰ, ভি.জি.আৰ আৰু বনগাঁও আৰক্ষিত অঞ্চলত বসবাস কৰা গোৰ্খা জনগোষ্ঠীয় লোকক মাটিৰ পট্টা প্ৰদান কৰাৰ হকে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সভাৰ জৰিয়তে গ্ৰহণ কৰা হয়।

Post a Comment

Previous Post Next Post