Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

অসম নেপালী সাহিত্য সভাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত 'কবি সন্মিলন' সম্পন্ন

Nelive24, গোলাঘাট: অসম নেপালী সাহিত্য সভাৰ গোলাঘাট জিলা সমিতিৰ আজি এখনি গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয়। গোর্খা জনগোষ্ঠীৰ বৌদ্ধিক সংগঠনৰূপে পৰিচিত অসম নেপালী সাহিত্য সভাই অসমীয়া গোর্খাসকলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত বিশেষ সেৱা আগবঢ়াই আহিছে। ইয়াৰ মাজতে আজি বৰপথাৰস্থিত ভানুস্মৃতি ভৱনৰ সভাকক্ষত নেপালী সাহিত্য সভাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ লগতে এখনি 'কবি সন্মিলন' অনুষ্ঠিত হৈ যায়। নেপালী সাহিত্য সভাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি গোপাল শ্ৰেষ্ঠৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা নেপালী সাহিত্য সভাৰ সম্পাদক শোভিতমান বিষ্টই। সভাত জিলা সমিতিয়ে আগন্তুক সময়ছোৱাৰ কাৰ্যপন্থা প্ৰস্তুত কৰা হয়। তদুপৰি, সাহিত্য সভাক আৰু অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইপিনে, সভাৰ শেষত সম্পাদক বিষ্টই আঁত ধৰা 'কবি সন্মিলন'ত সমীক্ষকৰূপে বৰপথাৰ মহাবিদ্যালয়ৰ নেপালী বিভাগৰ প্ৰৱক্তা তথা বিশিষ্ট সাহিত্যিক প্ৰহ্লাদ ছেত্ৰীয়ে অংশগ্ৰহণ কৰে। 'কবি সন্মিলন'ত ক্ৰমে পুষ্পৰাজ শ্ৰেষ্ঠ, ৰূপ নাৰায়ণ ৰাই, শিৱ শ্ৰেষ্ঠ, ৰঞ্জিত শ্ৰেষ্ঠ, ৰাজু খনাল, ৰাজু দাহাল, গোপাল শ্ৰেষ্ঠকে আদি কৰি কবিসকলে কবিতা পাঠ কৰে। উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভণিতে জ্ঞাত-অজ্ঞাত ছহিদ তথা নিমাতিৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুৱা লোকসকলৰ আত্মাৰ সত্গতিৰ কাৰণে মৌন প্ৰাৰ্থনাও কৰা হয়।

Post a Comment

Previous Post Next Post