গহপুৰ, ৩০ আগষ্ট: মঙ্গলবাৰে নিশা গহপুৰৰ মেইল বজাৰৰ তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
জানিব পৰা মতে, হেলম থানাৰ অন্তৰ্গত গোবিন্দ প্ৰধান নামৰ লোকজনৰ বাসগৃহত সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় গোবিন্দ প্ৰধানৰ বাসগৃহৰ ওপৰিও মেজিক বাহন, স্কুটীসহ বহু সা-সম্পত্তি আৰু বহু লগতিয়াল নথিপত্ৰ।
কৰ পৰা কিদৰে জুইৰ সুত্ৰপাত হ'ল সেয়া জানিব পৰা নাই যদিও বৈদুতিক চৰ্ট চাৰ্কিটৰ ফলতে উক্ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
উক্ত ঘটনা সংঘটিত হোৱাৰ লগে-লগে অগ্নি নিৰ্বাপক বাহিনীৰ লগত যোগাযোগ কৰা হৈছিল যদিও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বেই সম্পূৰ্ণ ৰূপে জুইত ভষ্মিভূত হৈছিল গোবিন্দ প্ৰধানৰ বাসগৃহৰ লগতে সকলো সা-সম্পত্তি।
Post a Comment