Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

ভূমি পট্টাৰ বাবে আবেদন কৰোতে NRCৰ তথ্য বিচাৰি হাৰাশাস্তি গোৰ্খাসকলক!

ধেমাজি, ০৬ আগষ্ট: গোর্খাসকলৰ ভূমিৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়াৰ পিছতো এতিয়ালৈকে কোনো ধৰণৰ কাম নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাই। 

সংগঠনটোৰ জিলা সভাপতি সোমৰাজ পুৰীয়ে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয় যে ৰাজ্যৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছত বহু আশালৈ অসমৰ গোৰ্খাসকল আনন্দিত হৈছিল কিন্তু ধেমাজি জিলাৰ চিচিবৰগাওঁ ৰাজহ চক্ৰৰ অন্তৰ্গত গোর্খা জনগোষ্ঠীৰ লোকৰ মাটিৰ পট্টাৰ আবেদনৰ সময়ত NRC বিচাৰি হাৰাশাস্তি কৰা দেখা গৈছে। 

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক চৰকাৰে বৰ্তমানেও চৰকাৰী দলিল হিচাপে স্বীকৃতি প্ৰদান কৰা নাই যদিও ধেমাজি জিলাৰ কিছুমান বিভাগীয় কৰ্তৃপক্ষই OBC আৰু মাটিৰ পট্টা আবেদনৰ সময়ত NRC বিচাৰি থকা কথা উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় যে যোৱা ২৭ জুলাই তাৰিখে ধেমাজি জিলাৰ উপায়ুক্তক এখনি স্মাৰক পত্ৰৰ যোগেদি এই বিষয়ত অৱগত কৰাৰ পিছতো এই সমস্যা সমাধানৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰ ফলত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা সহজ থলুৱা গোর্খাসকলে ভূমি পট্টা পোৱাৰ পৰা বঞ্চিত হৈ আছে।

ইফালে, অতি শীঘ্ৰে NRC নামত গোর্খাসকলক কৰা হাৰাশাস্তি বন্ধ নকৰিলে নিজৰ গণতান্ত্ৰিক অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব বুলিও সকিয়াই দিয়ে ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাই।

Post a Comment

Previous Post Next Post