Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

হিন্দু গোৰ্খা নাৰীসকলৰ পৱিত্ৰ উৎসৱ হৰিতালিকা তীজ

উৎসৱ, পাৰ্বন, পৰ্ব আদি উৎযাপন কৰাটো ভাৰতীয় হিন্দু সভ্যতাৰ ধাৰাবাহিক পৰম্পৰা। আমি সকলোৱে জানো উৎসৱ পাৰ্বন উৎযাপনে আমাৰ মাজত থকা একতাৰ এনাজৰীডাল কটকটিয়া কৰি তোলে আৰু আমাৰ মাজত শান্তিৰ শৃংখলা অটুট ৰাখে। এনে উৎসৱৰ মাজত তীজ হ'ল গোৰ্খা জনগোষ্ঠীয় লোকৰ এক অনন্য আৰু অতুলনীয় উৎসৱ। এই উৎসৱ পালন কৰে গোৰ্খা নাৰীসকলে। সমস্ত বিশ্বত বসবাস কৰা গোৰ্খালী সমাজত বছৰৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিৰ পৰা তৃতীয়া তিথিলৈ এই উৎসৱ উলহ মালহেৰে পালন কৰা দেখা যায়। তীজ উৎসৱৰ গুৰুত্ব আৰু ইয়াৰ উৎযাপনৰ বিষয়ে দাঙি ধৰাৰ আগতেই আমি ইয়াৰ আৰম্ভণি কেনেকৈ হ'ল তাক ফহিয়াই চাবলৈ ইতিহাসৰ পৃষ্ঠাবোৰ লুটিয়াই দেৱাদি দেৱ মহাদেৱ আৰু মা পাৰ্বতীৰ বিবাহৰ কাহিনীৰ কিয়দাংশ প্ৰকাশ কৰিব লাগিব।

কথিত আছে যে, পৰ্বতৰাজ হিমালয়ৰ একমাত্ৰ দুহিতা পাৰ্বতীৰ বিবাহযোগ্য বয়স হোৱাত পিতৃ হিমালয়ৰ মনত কন্যাৰ বাবে সুযোগ্য বৰ বিচৰা চিন্তা‌ উদ্ভৱ হ'ল। হিমালয়ৰ এনে স্থিতিৰ মাজতে হঠাৎ এদিন দৈৱক্ৰমে দেৱঋষী নাৰদ মুনিৰ সৈতে লগ পাই নিজৰ মনৰ ব্যথা নাৰদৰ আগত ব্যক্ত কৰিলে হিমালয়ে, নাৰদ মুনিয়ে ভগৱান বিষ্ণুৰ লগত পাৰ্বতীক বিবাহ দিয়াৰ পৰামৰ্শ  হিমালয়ক আগবঢ়ালে। নাৰদ মুনিৰ পৰামৰ্শত ৰজা হিমালয়ো অত্যন্ত আনন্দিত হ'ল আৰু ৰাণী মেনকাৰ আগত এই কথা অৱগত কৰিল। পাৰ্বতীয়ে মাকৰ মুখৰ পৰা সমস্ত কথা গম পোৱাৰ পাছত অত্যন্ত চিন্তিত হ'ল অন্তৰখন বিষাদে চানি ধৰিলে, তাই অবাক আৰু নিৰৱ হৈ গহীন গম্ভীৰ সমস্যাত পৰিলে কিয়নো বাল্যকালৰ পৰাই দেৱাদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ নিৰন্তৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আহিছিল পাৰ্বতীয়ে। হঠাৎ পিতৃৰ এনে সিদ্ধান্তৰ কথা জানি নিজৰ সখীৰ সৈতে ঘৰৰ পৰা গোপনে গৈ পৰ্বতৰ দাতিত অটব্য অৰণ্যৰ মাজত বালিৰ শিৱলিঙ্গৰ স্থাপন কৰি অন্ন গ্ৰহণ নকৰাকৈ নিৰ্জল ব্রতত থাকি পূজা অৰ্চনা আৰু তপেশ্যা কৰিব আৰম্ভ কৰিলে পাৰ্বতীৰ এই কঠোৰ তপেশ্যাৰ দ্বাৰা মহাদেৱ প্ৰসন্ন হ'ল আৰু নিজৰ দিব্যৰূপ দৰ্শনদি পাৰ্বতীৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব বুলি আশীৰ্বাদ কৰিলে আৰু কলে যে এই পবিত্ৰ দিনটো যুগ যুগান্তৰলৈ নাৰী সকলে পালন কৰিব আৰু তোমাৰ দৰে তেওঁলোকৰো মনৰ ইচ্ছা পূৰণ হ'ব। সেই দিনটো আছিল ভাদ মাহৰ শুক্লা তৃতীয়া তিথি। পিছলৈ উক্ত তিথিত ব্ৰত পালন কৰা পৰম্পৰা হিন্দু গোৰ্খা নাৰী সমাজত অক্ষুণ্ণ থাকে। ভাদ মাহৰ শুক্লা তৃতীয়া তিথিৰ দিনা ব্ৰত পালন কৰি পাৰ্বতীয়ে মহাদেৱক স্বামী ৰূপে পাবলৈ সক্ষম হৈছিল বাবে গোৰ্খালী নাৰীয়েও পবিত্ৰ অন্তৰ আৰু এক নিষ্ঠাৰ লগত এই উৎসৱ পালন কৰে। এই ব্ৰতক 'হৰিতালিকা ব্ৰত' বুলিও কোৱা হয় ।
    
গোৰ্খালী মহিলাসকলে পালন কৰা এই উৎসৱ ভাগত মূলতঃ বিবাহউপযোগী যুৱতীসকলে যোগ্য আৰু আদৰ্শৱান পুৰুষক স্বামীৰূপে পোৱাৰ মানসেৰে মহাদেৱৰ পূজা অৰ্চনা কৰাৰ সমান্তৰালভাৱে বিবাহিতা মহিলা সকলে নিজৰ স্বামীৰ সুস্বাস্থ্য , দীৰ্ঘায়ু আৰু সমৃদ্ধিশালী হোৱাৰ কামনাৰে ব্ৰত ৰাখে ,স্বামীহাৰা বিধৱাসকলে স্বামীৰ সৰগত স্থান  প্ৰাপ্ত হোৱাৰ লগতে  সন্তানৰ মঙ্গলৰ বাৱে ব্ৰত ৰাখে।
        
ভাদ শুক্লা দ্বিতীয়াৰ দিনটোক "দৰ খানে"  দিন বুলি কোৱা হয়। এই দিনটোত পুৱাৰ পৰা মাজ ৰাতিলৈ এটাৰ পিছত আনটো ব্যঞ্জনৰ, আহাৰৰ জুতি লোৱা হয়৷ যিহেতু পাছদিনা ব্ৰত ৰাখিব লগা হেতুকে মাজৰাতি বিভিন্ন ব্যঞ্জন খোৱাৰ প্ৰথা প্ৰচলন আছে৷ পৌৰাণিক দিনবোৰত সৰুতে কন্যাক বিবাহ দিয়াৰ নিয়ম আছিল আৰু শহুৰৰ ঘৰত কন্যাই ব্ৰত ৰখাত কষ্টকৰ হ’ব বুলি আশংকা কৰি নিজ জীয়ৰীক ঘৰলৈ মাতি অনাৰ প্ৰথা আজিও প্ৰচলিত৷ বহুদিন বিৰতিৰ পিছত লগ পাই আপোন গাৱঁত সকলো জীয়ৰী আনন্দতে একেলগে নৃত্য ,গীত আদি নানা ৰং ৰইচ্ কৰা ঠায়ে ঠায়ে দেখিবলৈ পোৱা যায়৷

ভাদ মাহৰ শুক্লা তৃতীয়া তিথিৰ বিশেষ দিনটোত পুৱাই সকলো জীয়ৰী বোৱাৰী একেলগে নদীত গা ধোৱে আৰু  বিধৱাৰ বাহিৰে বাকী বিবাহিত মহিলা আৰু যুৱতীয়ে জাতীয় সাজ পাৰ বিশেষ কৈ ৰঙা ৰঙৰ শাৰী আৰু জাতীয় অলংকাৰ- শিৰ্বন্দি,ধুংৰি, কল্লি, নৌগেডি, তিলৈৰি, চন্দ্ৰহাৰ আদি পৰিধান কৰে আৰু ক'ত কি সুন্দৰ্য সাধন কৰি সাইলাখ কইনাৰ দৰে হৈ পৰে৷ দিনটো অন্ন গ্ৰহণ নকৰাকৈ নিৰ্জল ব্ৰত ধাৰণ কৰে আৰু দিনটো লোকগীত, লোক  নৃত্য  আদিৰ পৰিৱেশন কৰি আনন্দ কৰে। গাঁৱৰ মহিলা যুৱতী সকল একে লগে লগ হৈ মন্দিৰত মণ্ডৱ তৈয়াৰ কৰি আবেলি শিৱ পাৰ্ৱতীৰ পূজা অৰ্চনা কৰে, কিছুমানৰ ঘৰত ব্যক্তিগত ভাৱেও পূজা অৰ্চনা কৰা দেখা যায় আৰু সন্ধিয়া জল আৰু ফল-মূল গ্ৰহণ কৰি  বিবাহিতা মহিলাই স্ৱামীৰ চৰণ স্পৰ্শ কৰি ব্ৰত ভংগ অন্যহাতে বিধৱা আৰু বিবাহযোগ্য নাৰীয়ে মন্দিৰত ভগৱানৰ চৰণত জল অৰ্পন কৰি ব্ৰত ভংগ কৰে। এনেদৰে এই পৰ্ব দুদিনীয়াকৈ পালন কৰা হয়।

এই মহান পৰ্বৰ গোৰ্খা সমাজত এক সুকীয়া স্থান আছে। হিন্দু সমাজত নিজ স্বামীক প্ৰভুৰ স্থানত ৰখা হয়। স্বামীৰ প্ৰতি থকা অসীম প্ৰেম আৰু বিশ্বাসৰ বাবে নাৰীসকলে এই উৎসৱ অতি নিষ্ঠা আৰু ভক্তিপূৰ্ণ ভাৱে পালন কৰে।

লিখনি: কৰিস্মিতা দেৱী।

Post a Comment

Previous Post Next Post