Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

গুৰু-শিষ্যৰ অনন্য কৃতিত্ব, ভাৰত মহাসাগৰ সাঁতুৰি গঢ়িলে বিশ্ব অভিলেখ

নিউজ ডেক্স, ৩১ মাৰ্চ: অসমৰ দুগৰাকী সাঁতোৰবিদে গঢ়িলে বিশ্ব অভিলেখ। 

অসমৰ সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুং আৰু তেওঁৰ প্ৰশিক্ষাৰ্থী কস্তুৰী গগৈয়ে অৰ্জন কৰিলে বিৰল কৃতিত্ব। 

ভাৰত মহাসাগৰত ১১০ কিলোমিটাৰ সাঁতুৰি গঢ়িলে বিশ্ব ৰেকৰ্ড।

বুধবাৰে নিশা ১ বজাত কলম্বোৰ মানাৰ দ্বীপৰ পৰা সাঁতোৰ আৰম্ভ কৰি বিয়লি ২:৫০ বজাত তামিলনাডুৰ আৰ্চুল মোলাইত উপস্থিত হয় দুয়োগৰাকী সাঁতোৰবিদ।

ভাৰত মহাসাগৰত একেৰাহে ১৩ ঘন্টা ৫০ মিনিট সাঁতুৰি বিৰল কৃতিত্ব অৰ্জন কৰে দুয়োগৰাকী অসম সন্তানে।

মাত্ৰ ১০ বছৰ বয়সত ১৩ ঘন্টা ৫০ মিনিট সাঁতুৰি ভাৰত মহাসাগৰ অতিক্ৰম কৰা প্ৰথমগৰাকী সাঁতোৰবিদ হিচাপে পৰিগণিত হৈছে কস্তুৰী গগৈ।

উল্লেখযোগ্য যে, বৰ্তমান অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ মুখ্য সাঁতোৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত বাবুল গুৰুঙে মাত্ৰ ১১ বছৰ বয়সত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত গুৱাহাটীৰ পৰা বৰপেটালৈ সাঁতুৰি ইতিমধ্যে 'অসম বুক অফ ৰেকৰ্ডছ'ত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছিল।

তদুপৰি, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাঁতোৰ প্ৰতিযোগিতাত এবাৰ সোণৰ আৰু এবাৰ ব্ৰঞ্জৰ পদকো লাভ কৰিবলৈ সক্ষম হৈছিল সাঁতোৰবিদ বাবুল গুৰুঙে।

Post a Comment

Previous Post Next Post