Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

আজি ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গণনা; ভাগ্য নিৰ্ণয় হ'ব ৩১ গৰাকী প্ৰাৰ্থীৰ

নিউজ ডেক্স: ০২ নবেম্বৰ: আজি ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। প্ৰথমে পোষ্টেল ভোটসমূহ গণনা কৰাৰ পিছত ইভিএমৰ ভোটসমূহ গণনা কৰা হ'ব। ৰাজ্যৰ ৫টা সমষ্টিত নিৰ্ণয় হ'ব মুঠ ৩১গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ভোট গণনা কেন্দ্ৰসমূহত কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে৷ গণনা স্থানত তিনিখলপীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা৷

উল্লেখযোগ্য যে, যোৱা ৩০ অক্টোবৰত থাওৰা, মৰিয়নী, ভৱানীপুৰ, তামুলপুৰ আৰু গোসাঁইগাঁৱত অনুষ্ঠিত হৈছিল বিধানসভাৰ উপ-নিৰ্বাচন। ৰাজ্যৰ ৫ টা সমষ্টিত ৭৪.০৪ শতাংশ ভোটদান সম্পন্ন হৈছিল। ভৱানীপুৰ সমষ্টিত সৰ্বাধিক ৭৮ শতাংশ ভোটদান হৈছে। থাওৰাত ৭৭.৫৬ শতাংশ, গোসাইগাঁৱত ৭৭.৩৭ শতাংশ, মৰিয়নীত ৭১.৭০ শতাংশ আৰু তামুলপুৰত হৈছিল ৬৭.৮৮ শতাংশ ভোটদান।

Post a Comment

Previous Post Next Post