Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

তামুলপুৰত নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল যশৱন্ত চৌহানৰ

বাক্সা, ০৮ অক্টোবৰ: সমাগত অসম বিধানসভাৰ উপ নিৰ্বাচন। দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনী তৎপৰতা। সমান্তৰালভাৱে নিৰ্দলীয় প্ৰাৰ্থীসকলৰো ব্যস্ততা বৃদ্ধি পাবলৈ ধৰা পৰিলক্ষিত হৈছে।

৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিতো নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰিছে যশৱন্ত চৌহানে। অসমৰ প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ যশৱন্ত চৌহানে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনাখন নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰে।

উল্লেখ্য যে, যোৱা বিধানসভা নিৰ্বাচনতো নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাস্ত হৈছিল যশৱন্ত চৌহান।

Post a Comment

Previous Post Next Post