Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

ৰাজ্যজুৰি স্বাধীনতা সংগ্ৰামী প্ৰসাদ সিং চুব্বাৰ জন্ম জয়ন্তী পালন লিম্বু মহাসভা, অসমৰ

নিউজ ডেক্স, ১০ চেপ্টেম্বৰ: স্বাধীনতা সংগ্ৰামী প্ৰয়াত প্ৰসাদ সিং চুব্বাৰ আজি ১১৪ সংখ্যক জন্ম জয়ন্তী। ৰাজ্যজুৰি বিভিন্ন গোৰ্খা দল-সংগঠনে শ্ৰদ্ধাৰে সুঁৱৰিছে প্ৰয়াত প্ৰসাদ সিং চুব্বাক।

লিম্বু মহাসভা, অসম তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগ আৰু হোলোং শাখা সমিতিৰ সহযোগত আজি তিনিচুকীয়া জিলাৰ ৩ নং বৰহোলোং গোৰ্খা প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে স্বাধীনতা সংগ্ৰামী প্ৰয়াত প্ৰসাদ সিং চুব্বাৰ ১১৪ সংখ্যক জন্ম জয়ন্তী। অনুষ্ঠানত লিম্বু মহাসভা, অসমৰ কেন্দ্ৰীয় নেতৃত্বও উপস্থিত থকা বুলি জানিবলৈ দিয়ে।

আনফালে, ওদালগুৰি জিলাৰ কচুবিল প্ৰাথমিক বিদ্যালয় প্ৰাংগনতো দিনযোৰা কাৰ্যসূচীৰে স্বাধীনতা সেনানী প্ৰসাদ সিং চুব্বাৰ জন্ম জয়ন্তী উদযাপন কৰিছে লিম্বু মহাসভা, অসমে। সংগঠনটোৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত তথা ভৈৰৱকুণ্ড আঞ্চলিক সমিতিৰ সহযোগত পালিত জন্ম জয়ন্তী অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনাৱা হয়। ইফালে জন জয়ন্তী অনুষ্ঠানটোৰ লগতে সংগতি ৰাখি গোৰ্খা লিম্বু গীত-নৃত্যও পৰিবেশন কৰা পৰিলক্ষিত হয়।

একেদৰে ধেমাজি, চৰাইদেউ, গোলাঘাট আৰু বিশ্বনাথ জিলাতো আজি লিম্বু মহাসভাই পালন কৰিছে প্ৰসাদ সিং চুব্বাৰ ১১৪ সংখ্যক জন্ম জয়ন্তী।

Post a Comment

Previous Post Next Post